মোৰ ভূমিকা :

অসম চৰকাৰ মাধ্যমিক শিক্ষা

আমাৰ ইতিহাস

  • আৰম্ভণিতে চিকিত্সা আৰু কাৰিকৰী শিক্ষাৰ অন্তৰ্ভুক্তিৰে শিক্ষাৰ সকলো পৰ্যায় এক ৰাজ্যিক পৰ্যায়ৰ একক অনুষ্ঠান লোক নিৰ্দ্দেশৰ সঞ্চালকৰ নিয়ন্ত্ৰণাধীন(ডি.পি.আই.)। এই সঞ্চালকালয় ১৮৭৪ চনত স্থাপন কৰা হৈছিল। তেনেদৰেই বিভিন্ন পৰ্যায়ৰ শিক্ষাৰ বাবে যেনে- চিকিত্সা আৰু কাৰিকৰীৰ ভিন্ন গাঁথনি সৃষ্টি কৰিছিল আৰু ডি.পি.আই.য়ে সাধাৰণ শিক্ষাৰহে পৰিচৰ্যা কৰে। ১৯৭৫ চনৰ ৫ ছেপ্তেম্বৰত ডি.পি.আই.ৰ পৰা প্ৰাথমিক শিক্ষা পৃথক হয়, ৭.৭.৭৭ তাৰিখে প্ৰাথমিক শিক্ষাৰ বাবে এক পৃথক সঞ্চালকালয় গঠন কৰা হয়। তাৰ পিছৰ পৰাই ডি.পি.আই. মাথো মাধ্যমিক আৰু উচ্চতৰ শিক্ষাৰ বাবেহে দায়িত্বত ন্যস্ত।