মোৰ ভূমিকা :

অসম চৰকাৰ মাধ্যমিক শিক্ষা

আদৰ্শ বিদ্যালয়ৰ ৰূপায়ন

  • কেন্দ্ৰীয় চৰকাৰৰ উন্নত মানদণ্ডৰ মাধ্যমিক শিক্ষা ব্যৱস্থাৰ প্ৰতিশ্ৰুতিৰ এক অংশ হিচাপে আৰু প্ৰধানমন্ত্ৰীৰ ২০০৭ চনৰ স্বাধীনতা দিৱসৰ দিনা, ব্লক পৰ্যায়ত আদৰ্শ বিদ্যালয় স্থাপনৰ ঘোষণা অনুসৰি, ভাৰত চৰকাৰে কে.ভি. টেমপ্লেটত বা পদানুংকৰে ২৫০০খন আদৰ্শ বিদ্যালয়, প্ৰথম পৰ্যায়ত কেন্দ্ৰীয়ভাৱে প্ৰযোজিত আঁচনিৰ অধীনত ৬০০০খনলৈ আদৰ্শ বিদ্যালয়, শৈক্ষিকভাৱে পিছপৰা খণ্ডত স্থাপনৰ সিদ্ধান্ত লয়। ভাৰত চৰকাৰৰ মানৱ সম্পদ উন্নয়ন মন্ত্ৰালয়ে চিনাক্ত কৰা ৮১খন শৈক্ষিকভাৱে পিছপৰা খণ্ড, প্ৰতিখনতে এখনকৈ আদৰ্শ বিদ্যালয় স্থাপনৰ সিদ্ধান্ত নিশ্চিত কৰা হৈছে যাতে গ্ৰামীণ অসমৰ আক্যাংশিত ছাত্ৰ-ছাত্ৰীয়ে গুণগত মানদণ্ডৰ শিক্ষা লাভ কৰে।

    ভাৰত চৰকাৰৰ মানৱ সম্পদ উন্নয়ন মন্ত্ৰালয়ে নিৰ্বাচিত শৈক্ষিকভাৱে পিছপৰা ৮১টা ব্লকৰ ৭৬টা ব্লকৰ বাবেই আদৰ্শ বিদ্যালয় স্থাপনৰ অনুমোদন জনাইছে। প্ৰায় ৪৮খন Iৰ পৰা XII শ্ৰেণীযুক্ত আদৰ্শ বিদ্যালয়ৰ নিৰ্মাণ কাম বিভিন্ন পৰ্যায়ত চলি আছে তাৰ ১৫খন তেনে আদৰ্শ বিদ্যালয়ে ০১/০১/২০১৫ৰ পৰা কাৰ্যকাৰিতা আৰম্ভ কৰিছে। ২০১৭-১৮ চনলৈ আৰু অধিক আদৰ্শ বিদ্যালয় কাৰ্যকৰী কৰাৰ লক্ষ্য আগত ৰখা হৈছে।