মোৰ ভূমিকা :

অসম চৰকাৰ মাধ্যমিক শিক্ষা

গুৰুত্বপূৰ্ণ আঁচনিসমূহ

  • ক্ৰমিক নং

    মাধ্যমিক শিক্ষা বিভাগৰ অধীনত গুৰুত্বপূৰ্ণ আঁচনি

     

    দুৰ্গম, গাঁও অঞ্চল আৰু দুখীয়া পৰিয়ালৰ প্ৰতিভাবান ছাত্ৰ-ছাত্ৰীৰ পৰ্যবেক্ষণৰ বাবে আৰোহণ'-

    চৰকাৰে মাধ্যমিক শিক্ষাখণ্ডৰ মানদণ্ডৰ উন্নয়নৰ বাবে, উচ্চাকাংঙ্খী কাৰ্যসূচীৰ এক ধাৰা প্ৰৱৰ্তিত কৰিছে। আৰোহণ হৈছে তেনে এক পদক্ষেপ যাৰ দ্বাৰা দুৰ্গম, গাঁও অঞ্চল আৰু দুখীয়া পৰিয়ালৰ প্ৰতিভাবান ছাত্ৰ-ছাত্ৰীৰ অনুসন্ধান কৰি, তেওঁলোকৰ শিক্ষাগত বৃত্তিৰ পৰ্যবেক্ষণ কৰা হয়। ‘আৰোহণ'ৰ ওপৰত এটা ৱেব পোৰ্টেল ইতিমধ্যেই আৰম্ভ কৰা হৈছে।

     

    ৰাষ্ট্ৰীয় মাধ্যমিক শিক্ষা অভিযানৰ অধীনত সপ্তধাৰা'

    বিশেষকৈ পাঠ্যক্ৰম বৰ্হিভুত কাৰ্যকলাপৰ শিক্ষা প্ৰদান আৰু প্ৰতিটো যুৱ শিশু/কিশোৰক, দক্ষতা ভিত্তিক উদ্ভাৱনী শিক্ষণ শিকাৰ কৌশলৰ ওপৰত, বিশ্বায়নৰ জ্ঞান অৰ্জিত কৰাৰ সুযোগ প্ৰদানৰ উদ্দেশ্যে ই এক বিশেষ আঁচনি।

     

    কাৰ্যসূচী-

                সপ্তধাৰাৰ উত্কৰ্ষ সাধনৰ বাবে এই অভিযানৰ পৃষ্ঠপোষকতাৰ অধীনত সকলো বিদ্যালয়, বিদ্যালয়ৰ পৰা মহাবিদ্যালয় আৰু শেষৰ ফালে, সমগ্ৰ অসমৰ বিশ্ববিদ্যালয়সমূহে যুৱ সমাজৰ বহুমুখী উন্নয়নৰ বাবে শিক্ষা, কলা আৰু জ্ঞানৰ বিভিন্ন দিশত মনোনিবেশ বা বিশেষ মনোযোগ দিব লাগিব। মনোনিবেশ কৰা বিভিন্ন দিশসমূহ- ধাৰাৰ দল/থুপ/বৰ্ণালী/অবিচ্ছিন্নতা/ঐক্যতান বুলি জনা যায়।

    সপ্তধাৰাৰ অধীন কাৰ্যকলাপঃ

    ১. জ্ঞান ধাৰা

    (ক) জ্ঞান আহৰণ

    (খ) পাঠ্যপুথিৰ আধাৰিত শিক্ষণ

    (গ) নিয়মিত শ্ৰেণীকোঠাৰ সম্পাদিত কৰ্ম

    (ঘ) শিক্ষণ বা পাঠদানত নিয়মানুৱৰ্ত্তিতা পালন

    (ঙ) পাঠ্যক্ৰমৰ সম্পূৰ্ণ পাঠদান

    ২. উপস্থাপন ধাৰা

    (ক) শিক্ষক – সন্মান আৰু নিপুণতাৰ প্ৰতীক

    (খ) অনুকৰণীয় ব্যক্তি হিচাপে – শিক্ষা প্ৰক্ৰিয়া আৰু শ্ৰেণীকোঠাৰ অন্তিম বা চৰম সফলতাৰ ক্ষেত্ৰত শিক্ষকৰ অভিব্যক্তিক এক গুৰুত্বপূৰ্ণ কাৰক হিচাপে স্বীকৃতি দিয়া হৈছে। তেওঁলোকৰ জীৱনধাৰাৰ প্ৰণালীৰে শিক্ষাৰ্থীসকল অনু্প্ৰাণিত হয়।

    ৩. গৌৰৱ ধাৰা

    (ক) নিজক লৈ গৌৰৱান্বিত

    (খ) আত্মসন্মান – অভিযান আৰু আত্মবিশ্বাস আহে সবল আত্মসন্মানৰ পৰা, নিজক লৈ থকা ইতিবাচক বিশ্বাসৰ পৰা। বিচাৰি উলিয়াই তাত মনোযোগ দিয়া।

    ৪. সুকুমাৰ ধাৰা

    (ক) সংগীত

    (খ) নৃত্য

    (গ) ক্ৰীড়া আৰু খেল

    ৫. ৰংগ কলা, নাট্য ধাৰা

    (ক) যোগ

    (খ) খেলা-ধূলা বিষয়ক/শৰীৰ চৰ্চা

    (গ) অন্ত/আন্তঃ ক্ৰীড়া খেল

    ৬. সমাজ সেৱা ধাৰা (সমুদায়/সমাজ সেৱা দল)

    (ক) বৃক্ষৰোপণ

    (খ) ৰক্তদান

    (গ) সজাগতাৰ কাৰণে সমদল

    (ঘ) এন এচ এচ কাৰ্যকলাপ

    ৭. উদ্ভাৱন ধাৰা (প্ৰতিভা)

    (ক) জন্মগত প্ৰতিভা

    সপ্তধাৰা আঁচনি ৰাজ্যৰ ৩২৪খন উচ্চতৰ মাধ্যমিক বিদ্যালয় আৰু ৫১খন কনিষ্ঠ মহাবিদ্যালয়ত কাৰ্যকৰী কৰা হৈছে। বিদ্যালয়ৰ তালিকা দিয়া হৈছে।

    শৈক্ষিক নথিলেখ্যৰ কোষাগাৰ-

                অসম চৰকাৰে শিক্ষাৰ্থীৰ শৈক্ষিক নথিপত্ৰৰ সহজ ৰক্ষণাবেক্ষণ আৰু সহজ সঞ্চলনৰ বাবে তেনে নথিপত্ৰ বা ৰেকৰ্ডৰ কোষাগাৰ সৃষ্টিৰ ক্ষেত্ৰত বৈদ্যুতিক পদ্ধতিৰ ব্যৱস্থাৰ এক প্ৰস্তাৱ, সকলো অংশীদাৰীৰ অনুমতি সাপেক্ষে, অসম ইলেকট্ৰনিক উন্নয়ন নিগম পৰিসীমিত (এমট্ৰন)ৰ দ্বাৰা প্ৰস্তুত কৰিছে। তেওঁলোকে মাধ্যমিক শিক্ষাৰ অধীনত উচ্চ আৰু উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ বাবে এজেন্সী নিৰ্বাচিত কৰিব যি, অনলাইন বিদ্যালয় তথ্য ব্যৱস্থাৰ ডিজাইন, বিকাশ, তাক বাস্তৱায়িত কৰা আৰু সঁহাৰি প্ৰদান কৰিব উন্নীতকৰণৰ ক্ষেত্ৰত। এই কাৰ্যসূচী এতিয়াও কাৰ্য্যকৰী হবলৈ সময় আছে।

    দশম শ্ৰেণী মানলৈ চৰকাৰী আৰু প্ৰাদেশীকৃত উচ্চ/উচ্চতৰ মাধ্যমিক বিদ্যালয়ত পঢ়ি থকা দৰিদ্ৰ সীমা ৰেখাৰ তলৰ ছাত্ৰীসকলক বিনামূলীয়া বাইচাইকেল বিতৰণ কৰা হয়ঃ

    অসম চৰকাৰে মাধ্যমিক পৰ্যায়ত ছোৱালী শিক্ষাৰ্থীৰ বিদ্যালয় এৰাৰ সংখ্যা কমাবলৈ আৰু বিদ্যালয়ত অন্তৰ্ভুক্তিৰ সংখ্যা বঢ়োৱাৰ উদ্দেশ্যে চৰকাৰী আৰু প্ৰাদেশিকীকৃত উচ্চ/উচ্চতৰ মাধ্যমিক বিদ্যালয়ত দশম শ্ৰেণীলৈ অধ্যয়নৰত, ছোৱালী শিক্ষাৰ্থীক বিনামূলীয়া বাইচাইকেল প্ৰদানৰ ব্যৱস্থা কৰে। এই ব্যৱস্থাই মহিলা বা ছোৱালীসকলৰ যোগাযোগ ব্যৱস্থা সূচল কৰি তোলে।

    এই আঁচনিখন ৰূপায়ণ কৰে মাধ্যমিক শিক্ষা সঞ্চালকে, অসম, কাহিলীপাৰা। হিতাধিকাৰীসকলক বিদ্যালয় পৰিদৰ্শকে প্ৰত্যেক বিত্তীয় বৰ্ষত নিৰ্বাচিত কৰি অসম মাধ্যমিক শিক্ষা সঞ্চালকালয়লৈ প্ৰেৰণ কৰে। চাইকেল বিতৰণৰ বাবে পুঁজি মাধ্যমিক শিক্ষা সঞ্চালকালয়ে মুকলি কৰি দিয়ে।

    বৰ্ষই-প্ৰতি মহিলা বাইচাইকেলৰ বিতৰণ-

                                                                                        চাবলৈ চোৱাইপ কৰক-

    ২০১২-১৩

    ১৪০৩২৪

     

    ২০১৩-১৪

    ১৪৪৮৭৯

     

    ২০১৪-১৫

     

    শূণ্য

    ২০১৫-১৬

     

    ১৬৯৭৭

    ২০১৬-১৭

     

    ১৫৪১৯৯

    যিবোৰ ছাত্ৰ-ছাত্ৰীৰ অভিভাৱকৰ বছৰি আয় ১.০০ লাখ (এক লাখ) টকাৰ কম, একাদশ শ্ৰেণীত অধ্যয়নৰত সকলো উচ্চতৰ মাধ্যমিক বিদ্যালয়/মহাবিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীৰ নামভৰ্তিৰ মাচুল ৰেহাই দিয়া হৈছে।

                অসম চৰকাৰৰ মাধ্যমিক শিক্ষা বিভাগে সিদ্ধান্ত লয় যে প্ৰাদেশিকীকৃত/চৰকাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয় আৰু অসমৰ কনিষ্ঠ মহাবিদ্যালয়সমূহে কোনো নামভৰ্তি মাচুল, শিক্ষা মাচুল আৰু কোনো ধৰণৰ আন মাচুল, উচ্চতৰ মাধ্যমিক প্ৰথম বৰ্ষত দাখিল হোৱা ছাত্ৰ-ছাত্ৰী, যিসকলৰ অভিভাৱকৰ বাৰ্ষিক আয় ১.০০ লাখৰ কম, তেওঁলোকে তলত উল্লেখ কৰা নিয়মাৱলী মানিব পাৰিলে দিব নালাগে-

    ১. অধ্যক্ষই অভিভাৱকৰ আয়ৰ চাৰ্টিফিকেট/আয় সম্পৰ্কীয় এনেধৰণৰ চাৰ্টিফিকেট জমা লব লাগিব-

    ক) যদিহে অভিভাৱক ৰাজ্যিক বা কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰী হয়, তেওঁলোকৰ মাহিলী আয়ৰ বিৱৰণ পত্ৰ, বিদ্যালয়/কনিষ্ঠ মহাবিদ্যালয়ত নামভৰ্তিৰ সময়ত দাখিল কৰিব লাগিব।

    খ) যদিহে অভিভাৱক ব্যক্তিগত প্ৰতিষ্ঠানত কৰ্মৰত, তেনেহলে তেওঁলোকে মালিক পক্ষৰ পৰা, তেওঁৰ বাৰ্ষিক আয় যে, ১.০০ লাখৰ ওপৰত নহয়, সেই বিৱৰণ থকা আয়ৰ এখন পত্ৰ বা টোকা জমা কৰিব লাগিব।

    গ) যদিহে চৰকাৰী বা ব্যক্তিগত কোনো প্ৰতিষ্ঠানতে কৰ্মৰত নহয়, তেনেহলে চক্ৰ বিষয়া বা মৌজাদাৰে লিখি দিব লাগিব।

    ঘ) এইকেইটাৰ বাহিৰেও যদিহে অধ্যক্ষ বা নামভৰ্তি কমিটীয়ে তেওঁলোকৰ নিজৰ বিচাৰ বুলিয়ে অনুভৱ কৰে যে সেই বিশেষ ছাত্ৰ বা ছাত্ৰী এগৰাকীৰ অভিভাৱকৰ বাৰ্ষিক আয় ১.০০ লাখৰ কম, তেনেহলে সংশ্লিষ্ট অধ্যক্ষই তেওঁক বিনামূলীয়া নামভৰ্তিৰ বাবে বিবেচনা কৰিব পাৰে।

    ২. নামভৰ্তিৰ প্ৰক্ৰিয়া সমাপ্ত হোৱাৰ পাছত, সংশ্লিষ্ট বিদ্যালয় আৰু কনিষ্ঠ মহাবিদ্যালয়সমূহে মাধ্যমিক শিক্ষা সঞ্চালকলৈ এনেদৰে বিনমূলীয়া নামভৰ্তিৰ ফলত হোৱা ৰাজহ ক্ষতিৰ বিশদ হিচাপৰ বৰ্ণনা, ক্ষতিপূৰণৰ বাবে দাখিল কৰিব লাগিব।

    ৩. বিদ্যালয়/কনিষ্ঠ মহাবিদ্যালয়সমূহৰ পৰা ৰাজহ ক্ষতিৰ বিশদ হিচাপৰ বৰ্ণনা তথ্য সহকাৰে পোৱাৰ পিছত মাধ্যমিক শিক্ষা সঞ্চালকে, বিদ্যালয়/কনিষ্ঠ মহাবিদ্যালয়ে প্ৰতি ক্ষতিপূৰণৰ বাবে প্ৰস্তাৱ চৰকাৰলৈ আগবঢ়াব

    এই আঁচনিৰ অধীনত ২০১৬-১৭ বৰ্ষত, মুঠ ২০৩৪৩৫ সংখ্যক ছাত্ৰ-ছাত্ৰীক সামৰি লোৱা হৈছে।

     

     

     

     

    বিনামূলীয়া পাঠ্যপুথি বিতৰণঃ অসম চৰকাৰৰ মাধ্যমিক শিক্ষা বিভাগে, প্ৰথম বাৰৰ বাবে ২০১৭-১৮ শিক্ষা বৰ্ষত নৱম আৰু দশম শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীৰ বাবে বিনামূলীয়া পাঠ্যপুথি বিতৰণৰ সিদ্ধান্ত লয়। ২০১৭-১৮ৰ চলিত বৰ্ষতে আঁচনিখনৰ পৰিসৰ বৃদ্ধি কৰি একাদশ আৰু দ্বাদশ শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীকো ২০১৮-১৯ বৰ্ষৰ পৰা সামৰি লোৱাৰ সিদ্ধান্ত কৰে।

    উদ্দেশ্যঃ ৰাজ্য প্ৰাদেশিকীকৃত বিদ্যালয়সমূহত অনুপ্ৰৱেশ বৃদ্ধি আৰু বিদ্যালয় এৰাৰ সংখ্যা কমাবলৈ।

    নিৰ্ধাৰিত দলছ অভিভাৱকৰ আয়ৰ ক্ষেত্ৰত কোনো বৈষম্য নাৰাখি নৱম আৰু দশম শ্ৰেণীত অধ্যয়নৰত সকলো ছাত্ৰ-ছাত্ৰীকেই আঁচনিখনৰ নিৰ্ধাৰিত লক্ষ্য কৰি লোৱা হৈছে। আঁচনিখনে সকলো চৰকাৰী/প্ৰাদেশিকীকৃত হাই মাদ্ৰাছা আৰু অ-প্ৰাদেশিকীকৃত মদ্ৰাছাৰ (স্বীকৃতিপ্ৰাপ্ত) অন্তৰ্ভুক্তিৰে জ্যেষ্ঠ মাদ্ৰাছাসমূহ, সকলো চাহ বাগিচা/স্থানীয় বিদ্যালয়, ৰাষ্ট্ৰীয় মাধ্যমিক শিক্ষা অভিযানৰ অধীনৰ আদৰ্শ বিদ্যালয় আৰু সকলো অ-প্ৰাদেশিকীকৃত বিদ্যালয়, যিবোৰে এটা সময়ত আৰ্থিক সহযোগ লাভ কৰিছে, সামৰি লৈছে।

    পাঠ্যপুথিৰ মূল্যায়নঃ মাধ্যমিক শিক্ষা সঞ্চালকে, মাধ্যমিক শিক্ষা বোৰ্ড, অসম আৰু অসম উচ্চতৰ মাধ্যমিক শিক্ষা পৰিষদৰে পৰামৰ্শ কৰি দিয়া নিৰ্দ্দেশনাৰ মাধ্যম অনুসাৰে পাঠ্যপুথিসমূহৰ মূল্যায়ন কৰা হয়।

    বাস্তৱায়নকাৰী সংস্থাঃ “অসম ৰাজ্যিক পাঠ্যপুথি প্ৰণয়ন আৰু প্ৰকাশ নিগম পৰিসীমিত”ক পাঠ্যপুথিৰ ছপা আৰু বিনামূলীয়া বিতৰণৰ বাবে ন্যস্ত কৰা হৈছে।

    মুঠ ১০৮০০০০০ সংখ্যক বিনামূলীয়া পাঠ্যপুথি ৭৬৬১০০জন ছাত্ৰ-ছাত্ৰীৰ মাজত অসমৰ জিলাসমূহৰ নৱম আৰু দশম শ্ৰেণীত বিদ্যালয় পৰিদৰ্শকৰ সহায়ত বিতৰণ কৰা হৈছে।

    মেট্ৰিক আৰু হায়াৰ চেকেণ্ডাৰীত অৱতীৰ্ণ দুখীয়া ছাত্ৰ-ছাত্ৰীৰ বাবে পৰীক্ষা আৰু কেন্দ্ৰ মাচুলৰ ৰেহাই আঁচনিঃ

                ২০১৬-১৭ চনত নতুন চৰকাৰে সিদ্ধান্ত লয় যে চৰকাৰী/স্বীকৃতিপ্ৰাপ্ত বিদ্যালয়/মহাবিদ্যালয়ৰ হাইবিদ্যালয় শিক্ষান্ত পৰীক্ষা/এ.এইছ.এম. পৰীক্ষাত অৱতীৰ্ণ যিবোৰ ছাত্ৰ-ছাত্ৰীৰ অভিভাৱকৰ বছেৰেকীয়া আয় ১ লাখৰ কম তেনে ছাত্ৰ-ছাত্ৰীয়ে অসম উচ্চ মাধ্যমিক শিক্ষা পৰিষদক পৰীক্ষাত অৱতীৰ্ণৰ কোনো মাচুল দিব নালাগে।

                চৰকাৰে এই আঁচনিৰ পৰিসৰ ২০১৭-১৮ বিত্তীয় বৰ্ষলৈ বঢ়াই দিয়াৰ সিদ্ধান্ত লয়। পৰীক্ষা মাচুলৰ লগতে তেনে ছাত্ৰ-ছাত্ৰীয়ে পৰীক্ষা কেন্দ্ৰৰ মাচুলো বহন কৰিব নালাগে। অৱশ্যে অভিভাৱকসকলে তেওঁলোকৰ দলিল জমা দিলেহে তেওঁলোকৰ লৰা-ছোৱালীৰ পৰীক্ষা আৰু পৰীক্ষা কেন্দ্ৰৰ মাচুল ৰেহাই দিয়া হব। শিক্ষা অনুষ্ঠানৰ মুৰব্বী বা দায়িত্বত থকা বিষয়াই এই নথি বা আয়ৰ প্ৰমাণ-পত্ৰসমূহ ভালদৰে পৰীক্ষাৰ অন্তত মাচুল ৰেহাইৰ সিদ্ধান্ত লব।

                ২০১৬-১৭ বৰ্ষত এই আঁচনিৰ অধীনত মুঠ ৩৯৩৬৮জন ছাত্ৰ-ছাত্ৰী লাভান্বিত হৈছে।

    আনন্দৰাম বৰুৱা নগদ ধন আৰু লেপটপ বঁটা আঁচনি

                অসম চৰকাৰে আনন্দৰাম বৰুৱা নগদ ধন তথা লেপটপ আঁচনিৰ অধীনত হাইবিদ্যালয় শিক্ষান্ত পৰীক্ষা আৰু হাইমাদ্ৰাছা পৰীক্ষাত আৰু ৰাজ্যিক মাদ্ৰাছা শিক্ষা বোৰ্ডৰ অধীনত পতা আৰু সংস্কৃত বোৰ্ড অসমৰ দশম শ্ৰেণী পৰ্যায়ত ১ম স্থান প্ৰাপ্ত, মেধাৱী ছাত্ৰ-ছাত্ৰীক লেপটপ আৰু লেপটপৰ সলনি নগদ ধন প্ৰদান কৰি আহিছে।

                ছাত্ৰ-ছাত্ৰীসকলক উন্নত প্ৰদৰ্শনৰ বাবে প্ৰেৰণা আৰু উত্সাহ যোগোৱাৰ লগতে, তথ্য আৰু যোগাযোগ প্ৰযুক্তিৰে চিনাকি তথ্য অভিজ্ঞ বা অভ্যস্ত কৰি তোলাৰ পৰিকল্পনাৰেই এই আঁচনিৰ আৰম্ভ কৰা হৈছিল।

                এই বছৰৰ পৰা অৱশ্যে এই বঁটা হাইবিদ্যালয় শিক্ষান্ত পৰীক্ষা আৰু হাইমাদ্ৰাছা পৰীক্ষাত ষ্টাৰ মাৰ্কছ পোৱা সকললৈহে প্ৰদান কৰা হৈছে।

                মাধ্যমিক শিক্ষা বিভাগৰ নিৰ্দেশাৱলীৰ অধীনত এই আঁচনিখন ৰূপায়ণ কৰে অসম বৈদ্যুতিক নিগম লিমিটেড নামৰ সংস্থাটোৱে।

                এই সংস্থাটোৱে প্ৰধান অসমীয়া বাতৰি কাকতসমূহত, লেপটপৰ ঠাইত যদি নগদ ধন লব বিচাৰে, তাৰ বাবে আবেদনৰ বাবে বিজ্ঞাপন দিয়ে। ইচ্ছুক ছাত্ৰ-ছাত্ৰীয়ে শিক্ষানুষ্ঠানৰ মুৰব্বীৰ দ্বাৰা পৰিচালন সঞ্চালক, অসম ইলেকট্ৰনিক উন্নয়ন নিগম পৰিসীমিত (এমট্ৰন), উদ্যোগিক খণ্ড, বামুণীমৈদাম, গুৱাহাটী-২১, এই ঠিকনাত নিজৰ বেংক কোষৰ বৰ্ণনাৰে সৈতে আবেদন কৰিব পাৰে। বিজ্ঞাপনত প্ৰকাশ কৰা আবেদনৰ অন্তিম দিনৰ আগতীয়াকৈ পোৱা ছাত্ৰ-ছাত্ৰীৰ আবেদন পত্ৰহে লেপটপৰ সলনি নগদ ধন দিয়াৰ বাবে বিবেচিত হয়। এমট্ৰনে অসমৰ প্ৰত্যেক জিলা সদৰত এই বঁটা প্ৰদানৰ ব্যৱস্থা কৰে।

    বঁটা বিতৰণৰ সংখ্যা/পৰিমাণ

    বৰ্ষ

    বঁটা প্ৰাপকৰ সংখ্যা

     

    ২০০৫

     

    ১২,৭৫৬

    ২০০৬

     

    ১৩,৪৯৩

    ২০০৭

     

    ১২,৭০৮

    ২০০৮

     

    ১৭,৩৩১

    ২০০৯

     

    ১৭,৩৫৬

    ২০১০

     

    ১৯,৩৫২

    ২০১১

    ১৯,৫১৯

     

    ২০১২

    ২৬,৯৬০

     

    ২০১৩

     

    ২৯,৮৮৭

    ২০১৪

     

    ৪০,২০০

    ২০১৫

     

    ৫৩,১০০

    ২০১৬

     

    ৫৪,১৯৭

     

     

    চাহ বাগিছা অঞ্চলত প্ৰতিষ্ঠিত নিম্ন প্ৰাথমিক আৰু উচ্চ প্ৰাথমিক বিদ্যালয়ক পি.পি.পি. মোডত দশম শ্ৰেণীযুক্ত উচ্চতৰ বিদ্যালয়লৈ উন্নীতকৰণ কৰি ১০০খন বিদ্যালয় স্থাপন-

    এই নতুন আঁচনিখন মাননীয় বিত্ত মন্ত্ৰী ডাঙৰীয়াই ২০১৭-১৮ বৰ্ষৰ বাজেটত ঘোষণা কৰে।

    সীমিত সংখ্যক বিদ্যালয়হে চাহ বাগিছা অঞ্চলত থকা কাৰণে বৃহত্ সংখ্যক ছাত্ৰ-ছাত্ৰীয়ে মাজতেই বিদ্যালয় এৰে। স্কুলীয়া শিক্ষা সমাপ্ত কৰিব পৰাৰ সুবিধা প্ৰদান আৰু বিদ্যালয় এৰা ছাত্ৰ-ছাত্ৰীৰ সংখ্যা কমাবৰ বাবে চৰকাৰে এনেদৰে ১০০খন বিদ্যালয় অভিজ্ঞ বেচৰকাৰী সংস্থাৰ সহযোগত প্ৰতিষ্ঠাৰ সিদ্ধান্ত লয়।

     

    ১০

    ভাৰ্চুৱেল শ্ৰেণীকোঠাৰ মাধ্যমেৰে টেলি শিক্ষাৰ আৰম্ভঃ

    মাননীয় বিত্তমন্ত্ৰী ডাঙৰীয়াই ২০১৭-১৮ৰ বাজেটত ঘোষণা কৰা এইটো এটা নতুন আঁচনি।

    শিক্ষাৰ মানদণ্ড কিছুমান শৈক্ষিকভাৱে পিছপৰা অঞ্চলত মনকৰিবলগীয়া। ইয়াৰ মুখ্য কাৰণটো হল দক্ষ শিক্ষকৰ অভাৱ। সেইবাবেই এই বছৰ মাধ্যমিক শিক্ষা বিভাগে ভাৰ্চুৱেল শ্ৰেণীকোঠাৰ দ্বাৰা টেলি-শিক্ষাৰ প্ৰস্তাৱ আগবঢ়ায়। এই আঁচনিৰ প্ৰধান উদ্দেশ্য হৈছে বিষয়বস্তু ভিত্তিক শিক্ষণৰ অন্তৰ্ভুক্তি। শিক্ষাদান আৰু শিক্ষা গ্ৰহম প্ৰক্ৰিয়াত এই নতুন পদ্ধতিৰ আৰম্ভণিয়ে শিক্ষক আৰু ছাত্ৰ উভয়কে লাভান্বিত কৰিছে।

    ১১

    বিদ্যালয়ৰ সম্বন্ধীকৰণৰ মাচুলৰ ৰেহাইঃ

    সন্মানীয় বিত্ত মন্ত্ৰীয়ে ২০১৭-১৮ৰ বাজেটৰ সময়ত ঘোষণা কৰা এইটো এটা নতুন আঁচনি

    ৰাষ্ট্ৰীয় মাধ্যমিক শিক্ষা অভিযান, অসমৰ দ্বাৰা চৰকাৰে প্ৰতিখন বিদ্যালয়ক বছৰি ৫০,০০০ টকাৰ পুঁজি আগবঢ়াব। তাৰোপৰি এই বছৰৰ পৰা চৰকাৰে প্ৰতিখন বিদ্যালয়লৈ বছৰি গড়ে ২৫,০০০ টকাকৈ প্ৰদান কৰিব।

    ১২

    হাইবিদ্যালয় শিক্ষান্ত পৰীক্ষা আৰু উচ্চতৰ মাধ্যমিক পৰীক্ষা কেন্দ্ৰৰ বাউণ্ডেৰী ৱাল নিৰ্মাণ-

                ২০১৭-১৮ৰ বাজেটত মাননীয় বিত্ত মন্ত্ৰী ডাঙৰীয়াই ঘোষণা কৰা ই এক নতুন আঁচনি।

                অসম চৰকাৰে মাধ্যমিক শিক্ষা বিভাগৰ সহযোগত হাইবিদ্যালয় শিক্ষান্ত আৰু উচ্চতৰ মাধ্যমিক পৰীক্ষা কেন্দ্ৰসমূহত বাউণ্ডেৰী ৱাল নিৰ্মাণৰ এক নতুন আঁচনি সন্মানীয় এম.এল.এৰ সংযুক্ত যুটীয়া পুঁজিৰ সহায়ত নিৰ্মাণৰ সিদ্ধান্ত লয়।

     

    ১৩

    ১০০ বছৰতকৈ অধিক পুৰণি বিদ্যালয়সমূহৰ আন্তঃগাঁথনিৰ উন্নয়নঃ

    ২০১৭-১৮ৰ বাজেটত মাননীয় বিত্ত মন্ত্ৰীয়ে ঘোষণা কৰা এটা নতুন আঁচনি।

    এই বছৰ চৰকাৰে শত বৰ্ষ গড়কা, দাবীদাৰ মাধ্যমিক বিদ্যালয়সমূহৰ প্ৰতিখনলৈ ৫০লাখকৈ আৰ্থিক সাহায্য প্ৰদানৰ প্ৰস্তাৱ গ্ৰহণ কৰিছে।

    ১৪

    বিভিন্ন জলপানি আঁচনিসমূহঃ

     

    (১) মুখ্যমন্ত্ৰীৰ অসম বিকাশ যোজনা আঁচনিৰ অধীনত দৰিদ্ৰ সীমা ৰেখাৰ তলৰ যোগ্য ছাত্ৰ-ছাত্ৰীলৈ প্ৰি-মেট্ৰিক আৰু পোষ্ট- মেট্ৰিক জলপানি

                এই আঁচনিৰ অধীনত নৱম আৰু দশম শ্ৰেণীত অধ্যয়নৰত (প্ৰি-মেট্ৰিক) আৰু একাদশ আৰু দ্বাদশ শ্ৰেণীত অধ্যয়নৰত দৰিদ্ৰ সীমা ৰেখাৰ তলৰযোগ্য ছাত্ৰ-ছাত্ৰীলৈ ক্ৰমে ৩০০ টকা আৰু ৩৫০ টকা জলপানি দিয়া হয়। ২০১৫-১৬ চনৰ পৰা জলপানিৰ পৰিমাণ বঢ়াই ক্ৰমে ৪০০ টকা আৰু ৫০০ টকা কৰা হয়।

                যোৱা ৪ বছৰৰ দৰিদ্ৰ সীমা ৰেখাৰ তলৰ জলপানিৰ প্ৰতিবেদন তলত দিয়া হল-

    দৰিদ্ৰ সীমা ৰেখাৰ তলৰ জলপানি

     

    ক্ৰমিক নং

    বৰ্ষ

    অনুমোদিত ধনৰাশি

     

    হিতাধীকাৰীৰ সংখ্যা

     

    ২০১১-১২

    ১,১৯,৯৯,৪০০ কোটি টকা

    ৫,৩৭০

    ২০১২-১৩

    ৫৮,৬২,০০০ লাখ টকা

    ২,৯২৮

     

     

    ২০১৩-১৪

    ৫৬,৩৮,৮০০ লাখ টকা

    ২,৮২৫

     

    ২০১৪-১৫

    ৪৯,৯৯,৮০০ লাখ টকা

    ১,৩২৩

     

    ২০১৫-১৬

    ৪৮,০০,০০০ লাখ টকা

    ৯৪৮

     

    (২) কনিষ্ঠ মহাবিদ্যালয় জলপানি

                এই আঁচনিৰ অধীনত কনিষ্ঠ মহাবিদ্যালয়ত অধ্যয়নৰত একাদশ আৰু দ্বাদশ শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীলৈ যি ৫৫ শতাংশৰ পৰা ৫৯ শতাংশ পাবলৈ সক্ষম হয়, তেওঁলোকলৈ ৩০০ টকা আৰু ৬০ শতাংশ পাবলৈ সক্ষম হোৱা সকলক ৩৫০ টকাকৈ জলপানি দিয়া হয় প্ৰতি মাহে।

              যোৱা ৪ বছৰৰ কনিষ্ঠ মহাবিদ্যালয়ৰ জলপানিৰ প্ৰতিবেদন তলত দিয়া হল-

    দৰিদ্ৰ সীমা ৰেখাৰ তলৰ জলপানি

     

    ক্ৰমিক নং

     

    বৰ্ষ

    অনুমোদিত ধনৰাশি

    হিতাধীকাৰীৰ সংখ্যা

     

    ২০১১-১২

    ১৫,৬১,০০০ লাখ টকা

    ১১৬

    ২০১২-১৩

    ৩,০৩,০০০ লাখ টকা

    ৮৮

     

     

    ২০১৩-১৪

    ৭,৫৩,৬০০ লাখ টকা

    ২২৫

     

    ২০১৪-১৫

    ৯,৯৮,৪০০ লাখ টকা

    ২৫৬

     

    ২০১৫-১৬

    ৯,২২,৮০০ লাখ টকা

    ১৭২

     

    (৩) শাৰিৰীক ক্ষেত্ৰত বিশেষভাৱে সক্ষম জলপানি

                এই আঁচনিৰ অধীনত, শাৰিৰীক ক্ষেত্ৰত বিশেষভাৱে সক্ষম, একাদশ-দ্বাদশ শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীলৈ প্ৰতি মাহে ৩০০ টকা আৰু একাদশ-দ্বাদশ শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীলৈ প্ৰতি মাহে ৩৫০ টকাকৈ আগবঢ়োৱা হয়।

    যোৱা ৪ বছৰৰ শাৰিৰীক ক্ষেত্ৰত বিশেষভাৱে সক্ষম জলপানিৰ প্ৰতিবেদন তলত দিয়া হল-

    শাৰিৰীক ক্ষেত্ৰত বিশেষভাৱে সক্ষম জলপানি

     

    ক্ৰমিক নং

     

    বৰ্ষ

    অনুমোদিত ধনৰাশি

    হিতাধীকাৰীৰ সংখ্যা

     

    ২০১১-১২

    ৫,২১,০০০ লাখ টকা

    ২০৬

    ২০১২-১৩

    ৩,০৩,৬০০ লাখ টকা

    ১১৮

     

     

    ২০১৩-১৪

    ৫,৮৮,০০০ লাখ টকা

    ২২৩

     

    ২০১৪-১৫

    ৯,৯৯,৬০০ লাখ টকা

    ২৭১

     

    ২০১৫-১৬

    ৯,৯৮,৪০০ লাখ টকা

    ১৯৮

     

    (৪) সৈনিক বিদ্যালয় গোৱালপাৰা, অসমৰ নিবেশ ছাত্ৰলৈ বছৰি ৩০,০০০ টকাকৈ জলপানি

                সৈনিক বিদ্যালয় গোৱালপাৰাত অধ্যয়নৰত, অসমৰ সকলো সামৰিক নিবেশলৈ, প্ৰতি বছৰে ৩০,০০০ টকাকৈ বৃত্তি/জলপানি প্ৰদান কৰা হয়।

              যোৱা ৪ বছৰৰ, সৈনিক বিদ্যালয় গোৱালপাৰাত অধ্যয়নৰত নিবেশ ছাত্ৰৰ বৃত্তিৰ প্ৰতিবেদন তলত দিয়া হল-

    সৈনিক বিদ্যালয় গোৱালপাৰা

     

    ক্ৰমিক নং

     

    বৰ্ষ

    অনুমোদিত ধনৰাশি

    হিতাধীকাৰীৰ সংখ্যা

     

    ২০১১-১২

    ১,০১,৪০,০০০ কোটি টকা

    ৩০১

    ২০১২-১৩

    ১,০৪,১০,০০০ কোটি টকা

    ৩৪৭

     

     

    ২০১৩-১৪

    ১,০৭,৭০,০০০ কোটি টকা

    ৩৫৯

     

    ২০১৪-১৫

    ১,১২,৫০,০০০ কোটি টকা

    ৩৫৭

     

    ২০১৫-১৬

    ১,১৫,২০,০০০ কোটি টকা

    ৩৮৪

     

    (৫) ৰাষ্ট্ৰীয় ভাৰতীয় সামৰিক মহাবিদ্যালয়, ডেৰাডুনত অধ্যয়নৰত, অসমৰ ছাত্ৰলৈ প্ৰতি বছৰে ৩০,০০০ টকাকৈ জলপানি

    অসমৰ প্ৰতিজন শিক্ষাৰ্থী যি ৰাষ্ট্ৰীয় ভাৰতীয় সামৰিক মহাবিদ্যালয়, ডেৰাডুনত অধ্যয়নৰত, প্ৰতি বছৰে ৩০,০০০ টকাকৈ বৃত্তিৰে পুৰস্কৃত কৰা হয়।

    যোৱা ৪ বছৰৰ, ৰাষ্ট্ৰীয় ভাৰতীয় সামৰিক মহাবিদ্যালয়, ডেৰাডুনত অধ্যয়ন কৰি থকা, অসমৰ ছাত্ৰলৈ আগবঢ়োৱা জলপানিৰ প্ৰতিবেদন তলত দিয়া হল-

    ৰাষ্ট্ৰীয় ভাৰতীয় সামৰিক মহাবিদ্যালয় জলপানি

     

    ক্ৰমিক নং

     

    বৰ্ষ

    অনুমোদিত ধনৰাশি

    হিতাধীকাৰীৰ সংখ্যা

     

    ২০১১-১২

    ২,৫৫,০০০ লাখ টকা

    ২০১২-১৩

    ২,৪০,০০০ লাখ টকা

     

     

    ২০১৩-১৪

    ১,৮০,০০০ লাখ টকা

     

    ২০১৪-১৫

    ১,৬৫,০০০ লাখ টকা

     

    ২০১৫-১৬

    ১,৩৫,০০০ লাখ টকা

     

    (৬) লিংগ ভিত্তিক বাজেটৰ অধীনত একাদশৰ পৰা দ্বাদশ শ্ৰেণীৰ ছোৱালী শিক্ষাৰ্থীলৈ জলপানি

                এই আঁচনিৰ অধীনত একাদশ-দ্বাদশ শ্ৰেণীত অধ্যয়নৰত অনুসূচীত জাতি/অনুসূচীত জনজাতি ছোৱালী শিক্ষাৰ্থীলৈ প্ৰতি মাহে ৩০০ টকা আৰু একাদশ-দ্বাদশ শ্ৰেণীত অধ্যয়নৰত অনুসূচীত জাতি/অনুসূচীত জনজাতি ছাত্ৰীলৈ প্ৰতি মাহে ৩৫০ টকাকৈ প্ৰদান কৰা হয়।

              যোৱা ৪ বছৰৰ লিংগ ভিত্তিক বাজেটৰ অধীনত একাদশ-দ্বাদশ শ্ৰেণীৰ ছোৱালী বিদ্যাৰ্থীলৈ আগবঢ়োৱা জলপানিৰ প্ৰতিবেদন তলত দিয়া হল-

    ৰাষ্ট্ৰীয় ভাৰতীয় সামৰিক মহাবিদ্যালয় জলপানি

     

    ক্ৰমিক নং

     

    বৰ্ষ

    অনুমোদিত ধনৰাশি

    হিতাধীকাৰীৰ সংখ্যা

     

    ২০১১-১২

    ১৭,০০,০০০ লাখ টকা

    ৭৩৪

    ২০১২-১৩

    ১৫,০০,০০০ লাখ টকা

    ৬০০

     

     

    ২০১৩-১৪

    ১৮,৯৭,৮০০ লাখ টকা

    ৫০৯

     

    ২০১৪-১৫

    ১৮,৯৬,৬০০ লাখ টকা

    ৪৯৮

     

     

    ১৫

    গুণোসৱৰ ৰূপায়নঃ

                অসম চৰকাৰে, সমগ্ৰ ৰাজ্যৰে সকলো চৰকাৰী/প্ৰাদেশিকীকৃত/হাইমাদ্ৰাছা বিদ্যালয়তে, প্ৰাথমিক আৰু উচ্চ প্ৰাথমিক পৰ্যায়ৰ বিদ্যালয়ত পতাৰ দৰে, গুণোৎসৱ পতাৰ সিদ্ধান্ত লৈছে। এই পৰ্যায়ত গুণোৎসৱ পতাৰ বিশদ পৰিকল্পনা বৰ্তমান প্ৰক্ৰিয়াধীন হৈ আছে। ইয়াৰ পৰা দুই প্ৰকাৰৰ মূল্যায়ন হব পাৰে –তিনিটা মূল বিষয় ইংৰাজী, বিজ্ঞান আৰু গণিতৰ শিক্ষাগত মূল্যায়ন আৰু আনটো হৈছে বিদ্যালয়খনৰ পাঠ্যক্ৰম বহিৰ্ভূত, ছাত্ৰ-ছাত্ৰীৰ বাবে প্ৰয়োজনীয় কাৰ্যকলাপৰ মূল্যায়ন। বিদ্যালয়সমূহক প্ৰদান কৰা আন্তঃগাঁথনি গুণোৎসৱ কাৰ্যসূচীৰ দ্বাৰা নিৰ্ধাৰণ বা মূল্যায়ন সম্ভৱ। মহাবিদ্যালয়ৰ শিক্ষকসকলক (জিলাভিত্তিত), মূল্যায়নৰ বাবে, বাহ্যিক মূল্যায়ক হিচাপে চিনাক্ত কৰা হব।

    তলত উল্লেখিত কাৰ্যকলাপসমূহ গুণোৎসৱ কাৰ্যসূচীৰ মূল্যায়ন প্ৰক্ৰিয়াত অন্তৰ্ভুক্তিৰ বাবে প্ৰস্তাৱিত হৈছে-

    (১) বিদ্যালয়সমূহত বৃক্ষৰোপন।

    (২) বিদ্যালয়ৰ দ্বাৰা পৰিচালিত বিদ্যালয়ৰ দায়িত্ব

    (৩) বিদ্যালয়সমূহত বিদ্যালয় সপ্তাহ অনুষ্ঠিত কৰা

    (৪) বিদ্যালয়সমূহত কিতাপ ঘৰ/পুথিভঁৰাল স্থাপন

    (৫) তৰ্ক, গান, নাচ প্ৰতিযোগিতা ইত্যাদিৰ আয়োজনত শিক্ষকসমূহৰ সহযোগিতা বা সমৰ্পন।

    (৬) প্ৰাথমিক আৰু উচ্চ প্ৰাথমিক বিদ্যালয়ৰ সগত বিদ্যালয়ৰ সংযোগ স্থাপন।