মোৰ ভূমিকা :

অসম চৰকাৰ মাধ্যমিক শিক্ষা

গুণোৎসৱৰ ৰূপায়ন

অসম চৰকাৰে, সমগ্ৰ ৰাজ্যৰে সকলো চৰকাৰী/প্ৰাদেশিকীকৃত/হাইমাদ্ৰাছা বিদ্যালয়তে, প্ৰাথমিক আৰু উচ্চ প্ৰাথমিক পৰ্যায়ৰ বিদ্যালয়ত পতাৰ দৰে, গুণোৎসৱ পতাৰ সিদ্ধান্ত লৈছে। এই পৰ্যায়ত গুণোৎসৱ পতাৰ বিশদ পৰিকল্পনা বৰ্তমান প্ৰক্ৰিয়াধীন হৈ আছে। ইয়াৰ পৰা দুই প্ৰকাৰৰ মূল্যায়ন হব পাৰে –তিনিটা মূল বিষয় ইংৰাজী, বিজ্ঞান আৰু গণিতৰ শিক্ষাগত মূল্যায়ন আৰু আনটো হৈছে বিদ্যালয়খনৰ পাঠ্যক্ৰম বহিৰ্ভূত, ছাত্ৰ-ছাত্ৰীৰ বাবে প্ৰয়োজনীয় কাৰ্যকলাপৰ মূল্যায়ন। বিদ্যালয়সমূহক প্ৰদান কৰা আন্তঃগাঁথনি গুণোৎসৱ কাৰ্যসূচীৰ দ্বাৰা নিৰ্ধাৰণ বা মূল্যায়ন সম্ভৱ।
মহাবিদ্যালয়ৰ শিক্ষকসকলক (জিলাভিত্তিত), মূল্যায়নৰ বাবে, বাহ্যিক মূল্যায়ক হিচাপে চিনাক্ত কৰা হব।

তলত উল্লেখিত কাৰ্যকলাপসমূহ গুণোৎসৱ কাৰ্যসূচীৰ মূল্যায়ন প্ৰক্ৰিয়াত অন্তৰ্ভুক্তিৰ বাবে প্ৰস্তাৱিত হৈছে-

  • বিদ্যালয়সমূহত বৃক্ষৰোপন।
  • বিদ্যালয়ৰ দ্বাৰা পৰিচালিত বিদ্যালয়ৰ দায়িত্ব
  • বিদ্যালয়সমূহত বিদ্যালয় সপ্তাহ অনুষ্ঠিত কৰা
  • বিদ্যালয়সমূহত কিতাপ ঘৰ/পুথিভঁৰাল স্থাপন
  • তৰ্ক, গান, নাচ প্ৰতিযোগিতা ইত্যাদিৰ আয়োজনত শিক্ষকসমূহৰ সহযোগিতা বা সমৰ্পন।


প্ৰাথমিক আৰু উচ্চ প্ৰাথমিক বিদ্যালয়ৰ সগত বিদ্যালয়ৰ সংযোগ স্থাপন।

Gunotsav