মোৰ ভূমিকা :

অসম চৰকাৰ মাধ্যমিক শিক্ষা

মহিলা বাইচাইকেলৰ বিনামূলীয়া বিতৰণ

অসম চৰকাৰে মাধ্যমিক পৰ্যায়ত ছোৱালী শিক্ষাৰ্থীৰ বিদ্যালয় এৰাৰ সংখ্যা কমাবলৈ আৰু বিদ্যালয়ত অন্তৰ্ভুক্তিৰ সংখ্যা বঢ়োৱাৰ উদ্দেশ্যে চৰকাৰী আৰু প্ৰাদেশিকীকৃত উচ্চ/উচ্চতৰ মাধ্যমিক বিদ্যালয়ত দশম শ্ৰেণীলৈ অধ্যয়নৰত, ছোৱালী শিক্ষাৰ্থীক বিনামূলীয়া বাইচাইকেল প্ৰদানৰ ব্যৱস্থা কৰে। এই ব্যৱস্থাই মহিলা বা ছোৱালীসকলৰ যোগাযোগ ব্যৱস্থা সূচল কৰি তোলে।
এই আঁচনিখন ৰূপায়ণ কৰে মাধ্যমিক শিক্ষা সঞ্চালকে, অসম, কাহিলীপাৰা। হিতাধিকাৰীসকলক বিদ্যালয় পৰিদৰ্শকে প্ৰত্যেক বিত্তীয় বৰ্ষত নিৰ্বাচিত কৰি অসম মাধ্যমিক শিক্ষা সঞ্চালকালয়লৈ প্ৰেৰণ কৰে। চাইকেল বিতৰণৰ বাবে পুঁজি মাধ্যমিক শিক্ষা সঞ্চালকালয়ে মুকলি কৰি দিয়ে।

বৰ্ষই-প্ৰতি মহিলা বাইচাইকেলৰ বিতৰণ:

২০১২-১৩১৪০৩২৪
২০১৩-১৪১৪৪৮৭৯
২০১৪-১৫শূণ্য
২০১৫-১৬১৬৯৭৭
২০১৬-১৭১৫৪১৯৯
Ladies Bi-cycle