মোৰ ভূমিকা :

অসম চৰকাৰ মাধ্যমিক শিক্ষা

বিনামূলীয়া পাঠ্যপুথি বিতৰণ

অসম চৰকাৰৰ মাধ্যমিক শিক্ষা বিভাগে, প্ৰথম বাৰৰ বাবে ২০১৭-১৮ শিক্ষা বৰ্ষত নৱম আৰু দশম শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীৰ বাবে বিনামূলীয়া পাঠ্যপুথি বিতৰণৰ সিদ্ধান্ত লয়। ২০১৭-১৮ৰ চলিত বৰ্ষতে আঁচনিখনৰ পৰিসৰ বৃদ্ধি কৰি একাদশ আৰু দ্বাদশ শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীকো ২০১৮-১৯ বৰ্ষৰ পৰা সামৰি লোৱাৰ সিদ্ধান্ত কৰে।

উদ্দেশ্য

ৰাজ্য প্ৰাদেশিকীকৃত বিদ্যালয়সমূহত অনুপ্ৰৱেশ বৃদ্ধি আৰু বিদ্যালয় এৰাৰ সংখ্যা কমাবলৈ।

নিৰ্ধাৰিত দল

অভিভাৱকৰ আয়ৰ ক্ষেত্ৰত কোনো বৈষম্য নাৰাখি নৱম আৰু দশম শ্ৰেণীত অধ্যয়নৰত সকলো ছাত্ৰ-ছাত্ৰীকেই আঁচনিখনৰ নিৰ্ধাৰিত লক্ষ্য কৰি লোৱা হৈছে। আঁচনিখনে সকলো চৰকাৰী/প্ৰাদেশিকীকৃত হাই মাদ্ৰাছা আৰু অ-প্ৰাদেশিকীকৃত মদ্ৰাছাৰ (স্বীকৃতিপ্ৰাপ্ত) অন্তৰ্ভুক্তিৰে জ্যেষ্ঠ মাদ্ৰাছাসমূহ, সকলো চাহ বাগিচা/স্থানীয় বিদ্যালয়, ৰাষ্ট্ৰীয় মাধ্যমিক শিক্ষা অভিযানৰ অধীনৰ আদৰ্শ বিদ্যালয় আৰু সকলো অ-প্ৰাদেশিকীকৃত বিদ্যালয়, যিবোৰে এটা সময়ত আৰ্থিক সহযোগ লাভ কৰিছে, সামৰি লৈছে।

পাঠ্যপুথিৰ মূল্যায়ন

মাধ্যমিক শিক্ষা সঞ্চালকে, মাধ্যমিক শিক্ষা বোৰ্ড, অসম আৰু অসম উচ্চতৰ মাধ্যমিক শিক্ষা পৰিষদৰে পৰামৰ্শ কৰি দিয়া নিৰ্দ্দেশনাৰ মাধ্যম অনুসাৰে পাঠ্যপুথিসমূহৰ মূল্যায়ন কৰা হয়।

বাস্তৱায়নকাৰী সংস্থা

“অসম ৰাজ্যিক পাঠ্যপুথি প্ৰণয়ন আৰু প্ৰকাশ নিগম পৰিসীমিত”ক পাঠ্যপুথিৰ ছপা আৰু বিনামূলীয়া বিতৰণৰ বাবে ন্যস্ত কৰা হৈছে।

মুঠ ১০৮০০০০০ সংখ্যক বিনামূলীয়া পাঠ্যপুথি ৭৬৬১০০জন ছাত্ৰ-ছাত্ৰীৰ মাজত অসমৰ জিলাসমূহৰ নৱম আৰু দশম শ্ৰেণীত বিদ্যালয় পৰিদৰ্শকৰ সহায়ত বিতৰণ কৰা হৈছে।

Free Text Book