মোৰ ভূমিকা :

অসম চৰকাৰ মাধ্যমিক শিক্ষা

স্মাৰ্ট শ্ৰেণী কোঠা

স্মাৰ্ট শ্ৰেণী কোঠা
আঁচনিখন, মাধ্যমিক শিক্ষা বিভাগে, মাধ্যমিক বিদ্যালয়সমূহত ডিজিটেল শিক্ষা প্ৰদানৰ বাবে অধিগ্ৰহণ কৰিছে।
শ্ৰেণীকোঠাত শিক্ষকসকলৰ বাবে ব্লেকবোৰ্ডৰ ঠিক পাছতেই স্মাৰ্ট শ্ৰেণীকোঠাৰ প্ৰযুক্তিক আনিছে। শিক্ষাৰ্থীয়ে উচ্চ মানদণ্ডৰ দৃশ্যাৱলী আৰু আৰ্হিৰ দৰ্শনেৰে, কঠিন বা জটিল আৰু দুৰ্বোধ্য কাৰ্যপ্ৰক্ৰিয়াৰ ধাৰণাৰ কথা শিকিব পাৰে। আমি সকলোৱে এইটো জানো যে, পৃষ্ঠাৰ পিছত পৃষ্ঠা পঢ়ি কিবা এটা বিষয় মনত ৰাখিবলৈ যিমান কষ্ট, তাতোকৈ দৃশ্যাৱলীৰে সৈতে শিকালে, সোনকালে স্মৃতিত ৰৈ যায়। স্মাৰ্ট/বিচক্ষণ শ্ৰেণীকোঠাই বিদ্যালয়ৰ শ্ৰেণীকোঠালৈ প্ৰযুক্তিৰ আগমন ঘটায়। ২১ শতিকাৰ শিক্ষাৰ্থীৰ বাবে স্মাৰ্ট/বিচক্ষণ শ্ৰেণীকোঠাৰ শিক্ষা ব্যৱস্থা আশীৰ্বাদ স্বৰূপ।
মাধ্যমিক পৰ্যায়ত গুণগত আৰু প্ৰভাৱশালী শিক্ষা সুনিশ্চিত কৰাৰ উদ্দেশ্যে অসম চৰকাৰে সমগ্ৰ অসমৰ ৮৪খন বিদ্যালয়, ১০৩টা শ্ৰেণীকোঠাত স্মাৰ্ট শ্ৰেণীকোঠাৰ অৱধাৰণা আৰম্ভ কৰিছে। ই শিক্ষাদান আৰু শিকাৰ প্ৰক্ৰিয়াক অধিক প্ৰভাৱশালী কৰি তুলিব। স্মাৰ্ট শ্ৰেণীকোঠাৰ সহায়ত বৰ্তমান শিক্ষকসকলে ছাত্ৰ-ছাত্ৰীৰ লগত বাৰ্তালাপ বা কথোপকথনৰ বাবে অধিক সময় পাব, যিহেতু আগতে বোৰ্ডত ছবি বা নক্সা আঁকিবলৈ প্ৰয়োজন হোৱা সময়ৰ সদব্যৱহাৰ এতিয়া কৰিব পাৰিব। ছাত্ৰ-ছাত্ৰীয়ে “জ্ঞান সম্বন্ধীয় শিক্ষা প্ৰক্ৰিয়া” লাভ কৰাৰ ফলত বুজিবলৈ সহজ আৰু পাহৰাৰ সুযোগ ইয়াৰ ফলত খুব কম।

Smart Classroom