মোৰ ভূমিকা :

অসম চৰকাৰ মাধ্যমিক শিক্ষা

ছাত্ৰীনিবাসৰ ৰূপায়ন

গাঁও অঞ্চলত বিশেষকৈ সুবিধাবঞ্চিতসকল যেনে- অনুসূচীত জাতি, অনুসূচীত জনজাতি, অন্যান্য পিছ পৰা শ্ৰেণী, সংখ্যালঘু আৰু আন বঞ্চিত শ্ৰেণীৰ মাজত এতিয়াও লিংগ বৈষম্য আছে। তালিকা মতে বা তথ্য অনুসৰি লৰাৰ তুলনাত ছোৱালীৰ অন্তৰ্ভুক্তিৰ ক্ষেত্ৰত মাধ্যমিক পৰ্যায়ত যথেষ্ট পাৰ্থক্য দেখা যায়। এই প্ৰত্যাহ্বানৰ সন্মুখীন হবলৈ ৮১টা শৈক্ষিকভাৱে পিছপৰা অসমৰ খণ্ডত কেন্দ্ৰীয় চৰকাৰে প্ৰযোজনা কৰা মাধ্যমিক আৰু উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ ছাত্ৰীৰ বাবে বোৰ্ডিং আৰু ছাত্ৰী নিবাসৰ সুবিধা শক্তিশালীকৰণ আঁচনি নামেৰে এখন আঁচনি ৰূপায়ণ কৰিছে। অসম চৰকাৰে সিদ্ধান্ত লৈছে যে ছাত্ৰী নিবাসৰ আঁচনিসমূহ, মাধ্যমিক শিক্ষা বিভাগৰ অধীনত ৰাষ্ট্ৰীয় মাধ্যমিক শিক্ষা অভিযানৰ দ্বাৰা ৰূপায়িত কৰা হব। ১৪ৰ পৰা ১৮ বছৰীয়া একাদশৰ পৰা দ্বাদশ শ্ৰেণীত অধ্যয়নৰত ছোৱালী শিক্ষাৰ্থী আৰু অনুসূচীত জাতি, অনুসূচীত জনজাতি, অন্যান্য পিছ পৰা শ্ৰেণী, সংখ্যালঘু আৰু দৰিদ্ৰ পৰিয়ালৰ ছাত্ৰীক আঁচনিৰ লক্ষ্য কৰা হৈছে। কে.জি.বি.ভি. উত্তীৰ্ণ ছোৱালীবোৰে এইক্ষেত্ৰত প্ৰাধান্য পাব।

ভাৰত চৰকাৰৰ মানৱ সম্পদ উন্নয়ন মন্ত্ৰালয়ে ৮১খন, ১০০খন বিচনাযুক্ত ছাত্ৰী নিবাসৰ অনুমোদন জনাইছে। তাৰ ৭২ খনৰ কাম বিভিন্ন পৰ্যায়ত চলি আছে আৰু ১৬ খন ছাত্ৰীনিবাস ইতিমধ্যেই আৰম্ভ কৰা হৈছে। এই ছাত্ৰীনিবাসসমূহৰ সুবিধাসমূহ হল যে ১০০ খন বিচনাযুক্ত, ক্ষুদ্ৰ পুথিভঁৰাল আৰু পঢ়া কোঠা বা অধ্যয়ন কোঠা, ৱাৰ্ডেনৰ কোঠা আৰু কাৰ্যালয়, ৰান্ধনীশাল আৰু ভঁৰাল কোঠা, ডাইনিং কোঠা, ৰেম্প উইড ৰেইল, শৌচাগাৰ, প্ৰৱেশকক্ষ, পৰ্যাপ্ত চলাচলৰ বাবে এলেকা, আলমাৰি, বাৰাণ্ডাৰ সৈতে কোঠাসমূহ ইত্যাদি।