মোৰ ভূমিকা :

অসম চৰকাৰ মাধ্যমিক শিক্ষা

১০০ নতুন বিদ্যালয় স্থাপন

চাহ বাগিছা অঞ্চলত প্ৰতিষ্ঠিত নিম্ন প্ৰাথমিক আৰু উচ্চ প্ৰাথমিক বিদ্যালয়ক পি.পি.পি. মোডত, দশম শ্ৰেণীযুক্ত উচ্চতৰ বিদ্যালয়লৈ উন্নীতকৰণ কৰি ১০০খন বিদ্যালয় স্থাপন

এই নতুন আঁচনিখন মাননীয় বিত্ত মন্ত্ৰী ডাঙৰীয়াই ২০১৭-১৮ বৰ্ষৰ বাজেটত ঘোষণা কৰে।

সীমিত সংখ্যক বিদ্যালয়হে, চাহ বাগিছা অঞ্চলত থকা কাৰণে বৃহত্ সংখ্যক ছাত্ৰ-ছাত্ৰীয়ে মাজতেই বিদ্যালয় এৰে। স্কুলীয়া শিক্ষা সমাপ্ত কৰিব পৰাৰ সুবিধা প্ৰদান আৰু বিদ্যালয় এৰা ছাত্ৰ-ছাত্ৰীৰ সংখ্যা কমাবৰ বাবে, চৰকাৰে এনেদৰে ১০০খন বিদ্যালয়, অভিজ্ঞ বেচৰকাৰী সংস্থাৰ সহযোগত প্ৰতিষ্ঠাৰ সিদ্ধান্ত লয়।