মোৰ ভূমিকা :

অসম চৰকাৰ মাধ্যমিক শিক্ষা

পৰীক্ষা মাচুলৰ ৰেহাই আঁচনি

মেট্ৰিক আৰু উচ্চতৰ মাধ্যমিকত অৱতীৰ্ণ দুখীয়া ছাত্ৰ-ছাত্ৰীৰ বাবে পৰীক্ষা আৰু কেন্দ্ৰ মাচুলৰ ৰেহাই আঁচনি

২০১৬-১৭ চনত নতুন চৰকাৰে সিদ্ধান্ত লয় যে চৰকাৰী/স্বীকৃতিপ্ৰাপ্ত বিদ্যালয়/মহাবিদ্যালয়ৰ হাইবিদ্যালয় শিক্ষান্ত পৰীক্ষা/এ.এইছ.এম. পৰীক্ষাত অৱতীৰ্ণ যিবোৰ ছাত্ৰ-ছাত্ৰীৰ অভিভাৱকৰ বছেৰেকীয়া আয় ১ লাখৰ কম তেনে ছাত্ৰ-ছাত্ৰীয়ে অসম উচ্চ মাধ্যমিক শিক্ষা পৰিষদক পৰীক্ষাত অৱতীৰ্ণৰ কোনো মাচুল দিব নালাগে।

চৰকাৰে এই আঁচনিৰ পৰিসৰ ২০১৭-১৮ বিত্তীয় বৰ্ষলৈ বঢ়াই দিয়াৰ সিদ্ধান্ত লয়। পৰীক্ষা মাচুলৰ লগতে তেনে ছাত্ৰ-ছাত্ৰীয়ে পৰীক্ষা কেন্দ্ৰৰ মাচুলো বহন কৰিব নালাগে। অৱশ্যে অভিভাৱকসকলে তেওঁলোকৰ দলিল জমা দিলেহে তেওঁলোকৰ লৰা-ছোৱালীৰ পৰীক্ষা আৰু পৰীক্ষা কেন্দ্ৰৰ মাচুল ৰেহাই দিয়া হব। শিক্ষা অনুষ্ঠানৰ মুৰব্বী বা দায়িত্বত থকা বিষয়াই এই নথি বা আয়ৰ প্ৰমাণ-পত্ৰসমূহ ভালদৰে পৰীক্ষাৰ অন্তত মাচুল ৰেহাইৰ সিদ্ধান্ত লব।

২০১৬-১৭ বৰ্ষত এই আঁচনিৰ অধীনত মুঠ ৩৯৩৬৮জন ছাত্ৰ-ছাত্ৰী লাভান্বিত হৈছে।