মোৰ ভূমিকা :

অসম চৰকাৰ মাধ্যমিক শিক্ষা

আন্তঃগাথনি উন্নয়ন

  • বিজ্ঞান আৰু বাণিজ্য শাখাৰ আৰম্ভ – অসম চৰকাৰে মাননীয় বিত্ত মন্ত্ৰী ডাঙৰীয়াই বাজেটত ঘোষণা কৰা অনুসৰি অসমৰ মাধ্যমিক বিদ্যালয়সমূহত, বিজ্ঞান আৰু বাণিজ্য শাখাৰ আৰম্ভৰ উদ্দেশ্যে অতিৰিক্ত শ্ৰেণীকোঠা আৰু বিজ্ঞানৰ গৱেষণাগাৰ স্থাপনৰ সিদ্ধান্ত লৈছে। ইয়াৰ বাবে মুঠ ২৮১খন মাধ্যমিক বিদ্যালয়ে প্ৰশাসনীয় অনুমোদন পাইছে।
  • অসম চৰকাৰে ১০খন পুৰণি ভাল পাৰদৰ্শিতা দেখুওৱা মাধ্যমিক বিদ্যালয়ক পুনঃনবীকৰণ /মেৰামতিৰ বাবে এচ.পি.এ.ৰ অধীনত ২ কোটিকৈ পুঁজি যোগানৰ অনুমোদন দিছে।
  • অসম চৰকাৰে কটন কলেজিয়েট মাধ্যমিক বিদ্যালয়কো আন্তঃগাঁথনি উন্নয়নৰ বাবে বিশেষ সহযোগী প্ৰকল্প আৰু চিংগৰী উচ্চ মাধ্যমিক বিদ্যালয় আন্তঃগাঁথনি উন্নয়নৰ অধীনত পুঁজি যোগান ধৰিছে।
  • বিত্ত মন্ত্ৰীয়ে ২০১৭-১৮ বৰ্ষৰ বাজেটত ঘোষণা কৰা অনুসৰি, অসম চৰকাৰে এইছ.এছ.এছ.এল.চি/এইছ.এচ.এল.চি. পৰীক্ষা কেন্দ্ৰসমূহৰ চৌহদৰ দেৱাল নিৰ্মাণৰ সিদ্ধান্ত লৈছে আৰু ১০০ বছৰ পুৰণি যোগ্য মাধ্যমিক বিদ্যালয়সমূহক আৰ্থিক সাহায্য হিচাপে আন্তঃগাঁঠনি উন্নয়নৰ বাবে ৫০ লাখ টকা অনুমোদন আগবঢ়াইছে।
  • উত্তৰ-পূব পৰিষদ প্ৰকল্পৰ অধীনত আন্তঃগাঁঠনি উন্নয়ন-
    1. বাগ্মীবৰ নীলমণি ফুকন উচ্চতৰ মাধ্যমিক বিদ্যালয়, ডিব্ৰুগড়
    2. ভিক্টোৰিয়া ছোৱালী উচ্চতৰ মাধ্যমিক বিদ্যালয়, ডিব্ৰুগড়
    3. আৰ্ট উচ্চতৰ মাধ্যমিক বিদ্যালয়, মাৰ্ঘেৰিটা
    4. চামতা এউচ্চতৰ মাধ্যমিক বিদ্যালয়ত সভাগৃহ নিৰ্মাণ, নলবাৰী
    5. বিহগুৰিত চন্দ্ৰনাথ শৰ্মা উচ্চতৰ মাধ্যমিক বিদ্যালয় নিৰ্মাণ, শোণিতপুৰ
    6. নগাঁৱৰ তুলসীমুখত মাধৱদেৱ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ পুনঃনিৰ্মাণ আৰু আৰ.চি.চি. বিল্ডিঙৰ নৱ আৰ্হিৰ লগতে পুথিভঁৰাল/বৃত্তিমূলক কেন্দ্ৰ ইত্যাদিৰ উন্নয়ন।