মোৰ ভূমিকা :

অসম চৰকাৰ মাধ্যমিক শিক্ষা

দেৱকুমাৰ বৰা স্মাৰক সৰ্বভাৰতীয় ভ্ৰমণ

স্বৰ্গীয় দেৱকুমাৰ বৰা সোঁৱৰণত অসম চৰকাৰে ২০১২ চনত দেৱকুমাৰ বৰা সোঁৱৰণী নাচা ভ্ৰমণ আঁচনি আৰম্ভ কৰে। পাছলৈ এই আঁচনিক দেৱকুমাৰ বৰা ভাৰত ভ্ৰমণ সোঁৱৰণী আঁচনিলৈ পৰিৱৰ্তন কৰা হয়। ৰাষ্ট্ৰীয় মাধ্যমিক শিক্ষা অভিযান, অসমে এই আঁচনি ৰূপায়ণ কৰে। সুশিক্ষিত আৰু সৃষ্টিশীল প্ৰজন্ম যি ভৱিষ্যতৰ নাগৰিক আৰু নিৰ্দেশক হোৱাৰ সময়ত যাতে বৈজ্ঞানিক দৃষ্টিভঙ্গী আৰু প্ৰযুক্তিৰ লগে লগে সামগ্ৰিক জ্ঞান আৰু আত্মবিশ্বাসে আগবাঢ়িব পৰা সাৱলীল গুণৰ অধিকাৰী হব পাৰে, এই লক্ষ্য আগত ৰাখি আঁচনিখন আৰম্ভ কৰা হৈছিল। এনে প্ৰচেষ্টাৰ অংশ হিচাপেই হাইবিদ্যালয় শিক্ষান্ত পৰীক্ষাৰ প্ৰথম দহটা স্থানপ্ৰাপ্ত আৰু হাইমাদ্ৰাছা পৰীক্ষাৰ প্ৰথম তিনিটা স্থানপ্ৰাপ্ত অসমৰ ছাত্ৰ-ছাত্ৰীসকলক ২০১৫ চনত ISRO বেংগালুৰু, ৰাজধানী দিল্লী, ব্যৱসায়িক ৰাজধানী মুম্বাইৰ লগতে ভাৱা আনৱিক কেন্দ্ৰ, মুম্বাই আৰু কলকাতাৰ মুখ্য মহাবিদ্যালয় আৰু শিক্ষানুষ্ঠানৰ পৰিভ্ৰমণৰ সিদ্ধান্ত লয়।