মোৰ ভূমিকা :

অসম চৰকাৰ মাধ্যমিক শিক্ষা

ৰাষ্ট্ৰীয় মাধ্যমিক শিক্ষা অভিযানৰ অধীনত গুণাগুণত হস্তক্ষেপ

শিক্ষকৰ প্ৰশিক্ষণ

ৰাষ্ট্ৰীয় মাধ্যমিক শিক্ষা অভিযান, অসমে শিক্ষক সকললৈ বিভিন্ন প্ৰশিক্ষণৰ ব্যৱস্থা কৰি আৰু লগতে আন আন কৰ্মকৰ্তাসকললৈও প্ৰশিক্ষণ আগবঢ়ায় আৰু ছাত্ৰ-ছাত্ৰীসকলক পাঠ্যক্ৰম সংক্ৰান্ত আৰু সহ-পাঠ্যক্ৰম বিষয়ক সুবিধা প্ৰদান কৰি ৰাজ্যৰ মাধ্যমিক শিক্ষা খণ্ডৰ সামগ্ৰিক মানদণ্ডৰ উন্নয়নৰ লক্ষ্য নিৰ্ধাৰণ কৰিছে।

বিষয় ভিত্তিক প্ৰশিক্ষণ যেনে- ইংৰাজী, বিজ্ঞান, গণিত, সমাজ বিজ্ঞান আৰু শাস্ত্ৰীয় বিষয়সমূহৰ বাদেও ক্ষেত্ৰভিত্তিক প্ৰশিক্ষণ যেনে- নেতৃত্ব আৰু পৰিচালনা, অক্ষমতা, কিশোৰ আৰু লিংগ সচেতনতা, ঐতিহ্য আৰু সংস্কৃতি, সামাজিক আৰু বিত্তীয় শিক্ষা, জীৱন দক্ষতা, ধীৰ শিক্ষণ, জীৱিকাৰ পৰামৰ্শ, দুৰ্যোগ প্ৰশমন ইত্যাদিৰ পৰীক্ষণৰ ব্যৱস্থা শিক্ষসকলৰ বাবে কৰা হয়।

যোৱা বিত্তীয় বৰ্ষত ৪২৫২জন বিদ্যালয়ৰ মুৰব্বীক বিদ্যালয় নেতৃত্বৰ উন্নয়ন সম্পৰ্ক এন.চি.এছ.এল, এন.ইউ.ই.পি.এ.ৰ সহযোগত প্ৰশিক্ষণ প্ৰদান কৰা হৈছিল। তাৰোপৰি ৭৩৩৬জন শিক্ষকক বিজ্ঞান আৰু গণিত বিষয়ত আৰু ৩৬০০জন শিক্ষকক ইংৰাজী শিক্ষা প্ৰণালীৰ ওপৰত প্ৰশিক্ষণ দিয়া হৈছে।

দ্ৰুত শিক্ষণ কাৰ্যসূচী

শিক্ষাৰ্থীসকলৰ মাজত থকা ইংৰাজী আৰু গণিতৰ জ্ঞান অৰ্জনৰ মাজৰ পাৰ্থক্য চিনাক্ত কৰিবৰ বাবে দশম শ্ৰেণীত অধ্যয়নৰত ৩৮৮১৮৬জন ছাত্ৰ-ছাত্ৰীৰ মাজত মান্যতা সম্পন্ন আহিলাৰ প্ৰৱন্ধন কৰা হৈছে। হস্তক্ষেপৰ কাৰ্যসূচী আৰম্ভৰ আগতেই শিক্ষকসকললৈ নিৰ্দেশনা থাকে –কেনেকৈ আহিলাৰ সহায়েৰে ছাত্ৰ বা ছাত্ৰীজনক চিনাক্ত কৰিব লাগে। ৭৯,২২৯জন শিক্ষাৰ্থী চিনাক্ত কৰি গৰমৰ বন্ধত তেওঁলোকক বিশেষভাৱে শিকোৱাৰ ব্যৱস্থা কৰা হৈছে। পিছত পৰীক্ষা পাতি ফলাফলসমূহ ভালদৰে পৰ্যালোচনা কৰা হৈছে। এনে হস্তক্ষেপৰ ফলত মন কৰিবলগীয়া ধনাত্মক পৰিৱৰ্তন পৰিলক্ষিত হৈছে।

ৰাষ্ট্ৰীয় দক্ষতাৰ অৰ্হতাৰ পৰিগাঁঠনি(এন.এছ.কিউ.এফ.)

ই এক পাৰদৰ্শিতা-ভিত্তিক পৰিগাঁঠনি, যি জ্ঞানৰ পৰিসৰ, দক্ষতা আৰু প্ৰৱণতা অনুসৰি সকলো অৰ্হতাক পৰ্যায় ক্ৰমে সংগঠিত কৰে বা নিৰ্দ্ধাৰণ কৰে। ২০১৩ চনৰ ২৭ ডিচেম্বৰত এন.এছ.কিউ.এফ. ভাৰতত বিজ্ঞাপিত হৈছিল। ২০১৫ চনৰ পৰা ইয়াক অসমত কাৰ্যকৰী কৰা হয়। এই আঁচনিৰ অধীনত অসমত আই.টি./আই.টি.এছ., খুচুৰা, ব্যক্তিগত নিৰাপত্তাৰক্ষী, স্বাস্থ্য সেৱা, কৃষি আৰু উদ্যানশস্য এই ৬টা বাণিজ্যিক বিষয়ক এছ.ই.বি.এ.ৰ দ্বাৰা মনোনীত কৰা হৈছে। বৰ্তমানৰ ৰাজ্যৰ ১৫২খন বিদ্যালয়ত আঁচনিখন জাৰি হৈ আছে।

জীৱন দক্ষতা প্ৰশিক্ষণ

এজন দায়িত্ববান নাগৰিক হোৱাৰ ক্ষেত্ৰত বিভিন্ন প্ৰণালীত অংশগ্ৰহণৰ দ্বাৰা ছাত্ৰ-ছাত্ৰীসকলক ক্ষমতা সম্পন্ন কৰি তোলাত, প্ৰয়োজন হোৱা মানসিক সমৃদ্ধি, সুস্থ সামাজিক বাৰ্তালাপ, ছাত্ৰ-ছাত্ৰীসকলে কোনো সমস্যা সমাধান কৰিব পৰা ক্ষমতা বা চালচলন, জ্ঞাত বিকল্পৰ বিচাৰ আৰু সিদ্ধান্ত লোৱা আৰু আৱেগ আৰু মানসিক চাপেৰে মোকাবিলাৰ ক্ষমতা ইত্যাদিৰ জীৱন দক্ষতাই বিকাশ বা উন্নীত কৰে।

অসমৰ সকলো চৰকাৰী/প্ৰাদেশিকীকৃত মাধ্যমিক/উচ্চ মাধ্যমিক বিদ্যালয়ৰ প্ৰতিখনৰ পৰা এজনকৈ জীৱন দক্ষতাৰ সহায়ক/শিক্ষক, ছাত্ৰ-ছাত্ৰীসকলৰ বাবে বন্ধু, দাৰ্শনিক আৰু পথ-প্ৰদৰ্শক হিচাপে নিৰ্বাচন কৰা হয়। সকলো জিলাই ২০১৫ চনত জীৱন দক্ষতাৰ সহায়তাৰ প্ৰশিক্ষণৰ বাবে আয়োজন কৰে। অসমৰ সকলো বিদ্যালয়ৰ নৱম শ্ৰেণীৰ শিক্ষাৰ্থীৰ বাবে, এটা ক্লাছত প্ৰতিটো সপ্তাহত, দৰ্শনজ্ঞানৰ শ্ৰেণীৰ অধীনত ২০১৬ৰ পৰা প্ৰশিক্ষিত সহায়ক/শিক্ষকসকলে সহকৰ্মী শিক্ষকসকলক লৈ জীৱন দক্ষতাৰ চৰ্চা কৰিব। বিদ্যালয়ৰ সকলো পুৰুষ শিক্ষকক একেলগে এই কাৰ্যসূচীত ভাগ লবৰ বাবে এগৰাকী মহিলা শিক্ষয়িত্ৰীয়ে নিৰ্দিষ্ট কৰি দিব।

দৃষ্টি

উন্নত গুণগত মানদণ্ডৰ আৰু প্ৰভাৱশালী শিক্ষা শিক্ষাৰ্থীলৈ প্ৰদান কৰিবলৈ প্ৰয়োজন হোৱা সঠিক পৰ্যবেক্ষণ আৰু পৰ্যালোচনাই শিক্ষণ আৰু জ্ঞান আহৰণ প্ৰক্ৰিয়াত সঠিক প্ৰণালী প্ৰয়োগত ভৱিষ্যতে প্ৰভাৱ বিস্তাৰ কৰে আৰু বিদ্যালয় কৰ্তৃপক্ষৰ নিয়মাৱলীৰ পালনতো প্ৰভাৱিত কৰে।

এই লক্ষ্য উপলব্ধি কৰি ৰাষ্ট্ৰীয় মাধ্যমিক শিক্ষা অভিযান অসমক দৃষ্টি কাৰ্যসূচী চলায় নিয়াৰ বাবে পুঁজিৰ ব্যৱস্থা অসম চৰকাৰে কৰে।

এই কাৰ্যসূচীয়ে প্ৰধানকৈ তলত উল্লেখ কৰা ক্ষেত্ৰসমূহৰ পৰ্যালোচনা উল্লেখিত লক্ষ্যৰে সামৰি লৈছে-

  • বিদ্যালয় কৰ্তৃপক্ষ বা পৰিচালন কমিটীৰ পৰ্যালোচনা।
  • শিক্ষাগত আৰু সহাৰি প্ৰক্ৰিয়া
  • প্ৰদৰ্শন/পাৰদৰ্শিতাৰ মান নিৰূপন আৰু বিদ্যালয় পৰ্যায়ত উন্নয়ন।

এই উল্লখিত ক্ষেত্ৰৰ তথ্য আহৰণৰ বাবে জিলাভিত্তিক সম্পদ দল গঠন কৰি দিয়া হৈছে। ডি আই ই টি (DIET)/বি.এড (B.Ed) মহাবিদ্যালয়/বি.টি.চি/ছি.টি.ই.ৰ শিক্ষকৰ দল আৰু প্ৰসিদ্ধ শিক্ষাবিদ বা অধ্যক্ষৰ (ৰাজ্যিক বা ৰাষ্ট্ৰীয় বঁটা প্ৰাপ্ত) দ্বাৰা এই দল গঠন কৰা হয়। এই সম্পদ দলৰ অধীনত একোটাকৈ সহযোগী সম্পদ দল জিলাই প্ৰতি উপলব্ধ। প্ৰতিজন সহযোগী সম্পদ দলৰ সদস্য অৱসৰপ্ৰাপ্ত/স্থানীয় শিক্ষাবিদ বা ৰাজ্যিক শিক্ষা পৰিষদৰ সদস্য। তেওঁলোকেই নিজ অধিক্ষেত্ৰৰ প্ৰতিখন বিদ্যালয়, বছৰত ৫ বাৰকৈ পৰিদৰ্শন কৰি পৰ্যবেক্ষণ কৰে। পৰিদৰ্শনৰ অন্তত পৰ্যবেশিত তথ্য এটা ফৰমেটত আবদ্ধ কৰে আৰু অনলাইন পৰ্টেলত লিপিবদ্ধ কৰে।

এ.আৰ.পি.ৰ দ্বাৰা ২০১৫ৰ ডিচেম্বৰৰ পৰা প্ৰথমবাৰৰ বাবে বাস্তৱিক ক্ষেত্ৰ পৰিদৰ্শন আৰম্ভ হয়। বৰ্তমানলৈকে ১৯খন জিলাত চতুৰ্থ বাৰৰ বাবে বিদ্যালয় পৰিদৰ্শন এ.আৰ.পি.ৰ দ্বাৰা সম্পূৰ্ণ হৈছে।

তৃতীয় পৰিদৰ্শনৰলৈকে ১৯ খন জিলাত তথ্য বিশ্লেষণ সম্পন্ন কৰা হৈছে।

তৃতীয় পৰিদৰ্শন সমাপ্তিৰ পাছত হোৱা ইতিবাচক প্ৰভাৱ:

  • শিক্ষকৰ নিয়মানুৱৰ্তিতা বাঢ়িছে
  • বিদ্যালয় প্ৰাংগনৰ চাফ-চিকুণতাৰ প্ৰগতি
  • ছাত্ৰ-ছাত্ৰীৰ মাজত নিয়মিতভাৱে সজাগতাৰ কাৰ্যসূচী অনুষ্ঠিত।
  • আই.চি.টি. গৱেষণাগাৰৰ ব্যৱহাৰ বৃদ্ধি।
  • বিদ্যালয়সমূহে শাৰিৰীক, সহ পাঠ্যক্ৰম আৰু পাঠ্যক্ৰম বহিৰ্ভুত কাৰ্যকলাপত অধিক মনোনিবেশ।
  • শিক্ষকসকলে ছাত্ৰ-ছাত্ৰীৰ মাজত নৈতিকতা আৰু মূল্যবোধৰ বীজ ৰোপণৰ আন্তৰিক প্ৰচেষ্টা।
  • পুথিভঁড়ালৰ পৰিচালনা আৰু ব্যৱহাৰ উন্নীতকৰণ।
  • ছাত্ৰ-ছাত্ৰীসকলৰ জীৱন জীৱিকাৰ উন্নয়নৰ বাবে তেওঁলোকলৈ পৰামৰ্শ সেৱাৰ সুবিধা প্ৰদান।